Hi, I’m Partha
and I would like to welcome all of you to my world of freshness which will unfold gradually all the small yet priceless forgotten feelings which lie deep down within us. Those which we hardly find time to revive due to our busy schedule. A rainy evening, a blooming morning, wet greenery amongst concrete blocks, open blue sky looking down upon the skyscrapers, a full moon amidst dense fog, a pollution free gentle breeze and many more such happy feelings. I too, dream of reliving these simple joys of the yesteryears just like all of you ; whether it be from a office cabin or while fighting through harsh realities of life. So sit back and relax, enjoy the journey with me. I am hoping, perhaps in this journey, you shall rediscover the forgotten and maybe the Real “you” who was born to be happy. Lets Begin.
Partha Jyoti Baishya
নমস্কাৰ, মই পাৰ্থ..
স্বাগতম জনাইছো আপোনাক মোৰ পৃথিৱীলৈ ৷ দিনযোৰা ব্যস্ততাৰ অন্তত নামি অহা এজাক বৰষুণৰ ঠিকনা, নৈ পাৰৰ কঁহুৱা জাক নাছি উঠা এছাটি শীতল মলয়া আপুনি বিছাৰিব পাৰে ইয়াত ৷ কংক্ৰিটৰ মহাৰণ্যত বৰ্ষাসিক্ত সেউজ যদি ভাল পায় আপুনি, তেন্তে লুটিয়াই চাওক ইয়াৰ পৃষ্ঠাবোৰ ৷ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈ থকা সৰু সৰু ভাললগাবোৰ, ল’ৰালি দিনৰ সেই ধেমালিবোৰ আৰু কৃত্ৰিমতাত হেৰুৱাই পেলোৱা তাহানিৰ সৰলতাবোৰ হয়টো আপুনি বিছাৰি পাব ৷ ময়ো আপোনাৰ দৰেই অফিচৰ বন্ধ কেবিনত অথবা জীৱিকা অৰ্জনৰ কঠিন বাস্তৱত চাবলে পাহৰা নীল আকাশৰ প্ৰেমিক, ময়ো কুঁৱলিৰ মাজেদি চৌপাশে সিঁচৰিত জোনাক দেখি থমকি ৰও প্ৰায়ে, ময়ো শব্দ লিখো ছন্দ গুঠো কেতিয়াবা মনত কেতিয়াবা কাগজত ঠিক আপোনাৰ দৰেই ৷ আহক আমি মিলি হেৰাই যাও অন্তত: কিছু সময়, সজাই তোলো একান্তই ব্যক্তিগত অলপ নিজৰ সময়, কিজানিবা হৈ পৰে সময়বোৰ আপোনাৰ মোৰ বা সকলোৰে বাবে মধুময়….
পাৰ্থ জ্যোতি বৈশ্য
Recent Blogs
আবেলিৰ আৱতৰীয়া বৰষুণ
আবেলিৰ আৱতৰীয়া বৰষুণজাক নামি আহিছে, কিয় দোকান বা ঘৰৰ আশ্ৰয় বিছাৰি দৌৰিছে আপুনি ? কিয় ইমান লৰা ঢপৰা ? আজি ছাতিটো বন্ধ কৰি লওক ,
গ্ৰন্থমেলা
“গ্ৰন্থমেলা”… নতুন কিতাপৰ সুবাসত আমোলমোল চৌপাশ, সময় পাহৰি নিজক হেৰাই ইখনৰ পিছত সিখন BookStall ঘূৰি ফুৰা দিনবোৰ। শাৰী শাৰী সজাই থোৱা কত শত প্ৰতিভাৰ ৰঙবিৰঙী
আকাশৰ নীলাবোৰ
কেতিয়াবা কেনেকৈ যে আকাশৰ নীলাবোৰ পৃথিৱীলৈ নামি আহে ৷ নৈ বা সাগৰ পাৰৰ আবেলিবোৰ ধুনীয়া কৰি তোলা এনেকুৱা এটি পৰিৱেশৰ সাক্ষী হবলৈ সদায়ে মন যায়