loader image

Poem

তোমাৰ পোহৰ

যদি চাব খোজে নীল আকাশ,

ৰ’দালিয়ে চকুত চকু থৈ তোমাৰ,

শুকুলা মেঘ ভাহি ৰোৱা দুচকুতে

যদি ফুলপাহে কয় তুমি ৰাতিপুৱাৰ,

মিঠা অনুভুতি উমাল ৰ’দৰ,

বিয়পি আছা বতাহৰ ৰাগিনীতে….

যদি চুব খোজে কোমল অনুভুতি,

কুঁৱলিয়ে টুপ টুপ নিয়ৰ হৈ,

কাব্যৰ পৃথিৱী ওমলা তোমাৰ হাঁহিটিতে….

যদি তিয়াব খোজে তোমাৰ দেহৰ,

থূপ খোৱা লাজৰ অলংকাৰ,

অশান্ত হৈ ফাগুণৰ বৰষুণজাকে….

যদি মই কও তুমি দিনৰ,

সৌন্দৰ্য্য তোমাৰ উপহাৰ ৰ’দৰ,

তোমাৰ পোহৰত জোনাকো জিলিকে……

       পাৰ্থ…….. 

 

 

                                    

অবাক বসন্তৰ সুখ

আহিলে তুমি নতুন কুঁহিপাতত,

অবাক বসন্তৰ সুখ,

পলক দুচকুৰ হয় মুগ্ধ,

দেখি তোমাৰ মুখ,

ভাহি ৰয় আকাশত নিৰলে,

উদাসী এই মন,

কাণ পাতি শুনি চোৱা,

বুকুৰ এই স্পন্দন……

                       পাৰ্থ…

 

 

14th May, 2023

অস্তগামী ভাগৰ

শব্দবোৰ বুকুত ৰিণি ৰিণি গুন্জৰিত,

নতুন কিহবাৰ আগমণ প্ৰতিধ্বনিত,

নিশাৰ সমীৰে বৈ আনে কিনো সাঁথৰ,

দিনজোৰা ব্যস্ততাৰ অস্তগামী ভাগৰ,

প্ৰিয় গানৰ শব্দবোৰ নে সুৰ,

নাজানো কিহে পেলাইছে মন জুৰ,

ওৰে নিশা বৈ থাকক বতাহজাক,

কাৰ বাবে বলিছে মাথো নুসুধিবা তাক….

পাৰ্থ….

12th May, 2023

স্মৃতি

নিয়ন লাইটৰ পোহৰত জিলিকি উঠা,

মোৰ চহৰৰ ভিজা অলি গলি,

গাড়ীৰ কাঁচত লাগি ধৰা টোপালবোৰ,

পিছলি পৰে স্মৃতিৰ দৰে বুকুৱেদি……

                                            

                                                পার্থ……

ল’ৰালিৰ বৰষুণ

বৰষুণত আমি তিতিছিলো প্ৰাণভৰি,

আজি ভয় কৰো আমি বেমাৰৰ,

মাৰ খঙ পাহৰি উমলিছিলো বৃষ্টি টোপালত,

আজি চিন্তা কৰো বৰষুণৰ পানীত মোবাইলৰ,

পিছল ঘাহঁনিত ফুটবল খেলিব ভয় নকৰা দিনবোৰ,

আজি অলপ উজুটিতে ভয় লাগে জীৱনৰ,

হয়তো লৰালিৰ বৰষুণজাক আজিও আছে,

নাও বনাব পাহৰিলো আমি কাগজৰ,

বৰষুণ আজিও নিগৰিত তাহানিৰ দৰেই,

মাথোঁ সলনি হল ভাললগাবোৰ সেই সময়ৰ……….

                                                         পাৰ্থ….

Scroll to Top