loader image
আবেলিৰ আৱতৰীয়া বৰষুণজাক

আবেলিৰ আৱতৰীয়া বৰষুণ

আবেলিৰ আৱতৰীয়া বৰষুণজাক নামি আহিছে, কিয় দোকান বা ঘৰৰ আশ্ৰয় বিছাৰি দৌৰিছে আপুনি ? কিয় ইমান লৰা ঢপৰা ? আজি ছাতিটো বন্ধ কৰি লওক , খোজ দিয়ক লাহে লাহে ৷ কিহৰ ভয় আপোনাৰ, তিতি যাব ? একো নহয় দিয়ক, গলি নাযায় আপুনি, আকৌ শুকাই যাব আপোনাৰ কাপোৰ ৷ আপোনাৰ Branded TShirt ও শুকাই যাব, আৰু …

আবেলিৰ আৱতৰীয়া বৰষুণ Read More »

গ্ৰন্থমেলা

গ্ৰন্থমেলা

“গ্ৰন্থমেলা”… নতুন কিতাপৰ সুবাসত আমোলমোল চৌপাশ, সময় পাহৰি নিজক হেৰাই ইখনৰ পিছত সিখন BookStall ঘূৰি ফুৰা দিনবোৰ। শাৰী শাৰী সজাই থোৱা কত শত প্ৰতিভাৰ ৰঙবিৰঙী সৃষ্টি। হাতত তুলি ললেই ছপা আখৰৰ যাদুকৰী মুগ্ধতাই চুই যায় মন। বেটুপাতৰ পৰা সমাপ্তি লৈ লুটিয়াই যাওতে  মনত জাগি উঠে এক শিহৰণ। “গ্ৰন্থমেলা” বোৰ সচৰাচৰ গুৱাহাটীত শীতৰ দিনবোৰতে হৈছিল। কেতিয়াবা …

গ্ৰন্থমেলা Read More »

আকাশৰ নীলাবোৰ

আকাশৰ নীলাবোৰ

কেতিয়াবা কেনেকৈ যে আকাশৰ নীলাবোৰ পৃথিৱীলৈ নামি আহে ৷ নৈ বা সাগৰ  পাৰৰ আবেলিবোৰ ধুনীয়া কৰি তোলা এনেকুৱা এটি পৰিৱেশৰ সাক্ষী হবলৈ সদায়ে মন যায় ৷ শান্ত ভাৱে বৈ থকা পানীৰ ঢৌ, মেঘে ঢাকা আকাশ, বালিচৰত লাহে লাহে নামি অহা আন্ধাৰ আৰু দূৰণিত ক্ৰমান্বয়ে বিলীন হৈ যোৱা হেঙুল বেলিটো ৷ সন্ধিয়াৰ ঠিক আগে আগে দূৰত …

আকাশৰ নীলাবোৰ Read More »

ব্যস্ততাৰ মাজৰ সৃস্টিশীলতা

ব্যস্ততাৰ মাজৰ সৃস্টিশীলতা

অফিচত বন্ধ কেবিনৰ বা ব্যৱসায়ত বাহিৰৰ পৃথিৱীৰ বহু বেছি ব্যস্ততা আৰু কামৰ ভিৰ সদায়ে থাকিব ৷ জীয়াই থকাৰ সংগ্ৰাম চিৰন্তন আৰু পূৰাতণ, সকলোৱে নিজৰ ভাগৰ এই যুদ্ধ কৰিবই লাগিব ৷ কিন্তু জীৱিকা অৰ্জনৰ কঠিন বাস্তৱত আমি প্ৰায়ে পাহৰি যাও সৰু সৰু ভাললগাবোৰ বুটলিবলৈ ৷ আবেলিৰ বৰষুণ, শীতৰ ৰ’দালিৰ উম, শৰতৰ স্নিগ্ধ জোনাক, বসন্তৰ কুঁহিপাত, সন্ধিয়াৰ …

ব্যস্ততাৰ মাজৰ সৃস্টিশীলতা Read More »

Scroll to Top