loader image
ব্যস্ততাৰ মাজৰ সৃস্টিশীলতা

ব্যস্ততাৰ মাজৰ সৃস্টিশীলতা

অফিচত বন্ধ কেবিনৰ বা ব্যৱসায়ত বাহিৰৰ পৃথিৱীৰ বহু বেছি ব্যস্ততা আৰু কামৰ ভিৰ সদায়ে থাকিব ৷ জীয়াই থকাৰ সংগ্ৰাম চিৰন্তন আৰু পূৰাতণ, সকলোৱে নিজৰ ভাগৰ এই যুদ্ধ কৰিবই লাগিব ৷ কিন্তু জীৱিকা অৰ্জনৰ কঠিন বাস্তৱত আমি প্ৰায়ে পাহৰি যাও সৰু সৰু ভাললগাবোৰ বুটলিবলৈ ৷ আবেলিৰ বৰষুণ, শীতৰ ৰদালিৰ উম, শৰতৰ স্নিগ্ধ জোনাক, বসন্তৰ কুঁহিপাত, সন্ধিয়াৰ কুঁৱলি, সেউজ পাহাৰ আৰু যে কত কি চৌপাশে বিয়পি আছে আমাৰ পাহৰণিৰ গৰ্ভত ৷ কেতিয়াবা ব্যস্ততাৰ মাজত আকাশ চাই ক্ষন্তেক ৰৈ যাবলৈও দ্বিধা আমাৰ আজিকালি, লৈ দৌৰি আছো, কি বিছাৰি কি হেৰুৱাইছো নিজক সোধাৰ ক্ষন্তেক সময়ো নাই যেন আমাৰ ৷ জানো সকলোৰে বাবে জীৱন একে নহয়, জীৱন যুদ্ধ বহু কঠিন, কিন্তু চাৰিওপিনে সিঁচৰিত বহুতো সৰু সৰু ভাললগা বিনামূলীয়াকৈ উপলব্ধ, মাথোঁ আমি বিছাৰি লব জানিলেই হল ৷ Duty, Responsibility বোৰ আছে আৰু থাকিবও সদায়ে, সকলোৱে ভালকৈয়ে কৰি যাব লাগে কামবোৰ বা দায়িত্ববোৰ, কিন্তু তাৰ মাজতো আমাৰ মনৰ ভিতৰত অলপ হাঁহি অলপ ভাললগা গোটেই দিনজুৰি থাকিব লাগে, নহলে যে হতাশা আৰু নিৰাশাই আগুৰি ধৰে সহজতেই ৷ বহু বেছি Commercial আৰু Practical পৃথিৱীখনত সৰু সৰু ভাললগাবোৰ বুটলি নললে আমিও মেচিন হৈ গৈ থাকিম ক্ৰমান্বয়ে ৷ কংক্ৰিটৰ অৰণ্যত সেউজ সপোণ গুঠিব জানিলে হাজাৰ ব্যস্ততায়ো মন বেয়া কৰিব নোৱাৰে ৷ ব্যস্ততাৰ মাজতো সৃস্টিশীলতা সদায়েই জীয়াই থাকিব, মন ভাল লগাবলৈ, অলপ হাঁহি উপহাৰ দিবলৈ ৷

 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top