আবেলিৰ আৱতৰীয়া বৰষুণজাক নামি আহিছে, কিয় দোকান বা ঘৰৰ আশ্ৰয় বিছাৰি দৌৰিছে আপুনি ? কিয় ইমান লৰা ঢপৰা ? আজি ছাতিটো বন্ধ কৰি লওক , খোজ দিয়ক লাহে লাহে ৷ কিহৰ ভয় আপোনাৰ, তিতি যাব ? একো নহয় দিয়ক, গলি নাযায় আপুনি, আকৌ শুকাই যাব আপোনাৰ কাপোৰ ৷ আপোনাৰ Branded TShirt ও শুকাই যাব, আৰু Brand “Adidas”ৰ পৰা “ৰবিদাস” হৈ নাযায় তিতিলে ৷ মুকলি ৰাস্তাত খোজকাঢ়ি চৌপাশে চাওক, মনত পেলাওক ল’ৰালি দিনৰ সেই ঘৰৰ টিনপাতত ওৰে নিশাৰ বৰষুণৰ নূপুৰ, Streetlightৰ পোহৰত সৰি পৰা বৰষুণৰ টোপাল ৷ কিহৰ ইমান দৌৰা দৌৰি, এদিন যেনিবা অলপ পলম হল, তাতে আৰু ইমান কি সলনি হৈ যাব ? আজি লাহে লাহে খোজ দি উপভোগ কৰকচোন বৰষুণজাক ৷ বৰষুণে কঢ়িয়াই আনে নষ্টালজিয়া, স্মৃতি, কল্পনা, বতৰ সলনিৰ বতৰা ৷ কিছু মূহুৰ্তৰ বাবে আপুনিও উভতি যাওক “মগজু”ৰ পৰা “মন”লৈ ৷ চৌপাশ ধুই তুলিছে বৰষুণজাকে, আপুনিও ধুই পেলাওক কিছু সময়ৰ বাবে সকলো হা হুমুনিয়াহ ৷ কাগজৰ নাও, আবেলিৰ টিউচন, পূৱ আকাশৰ ৰামধেনু, ভিজা চুলিৰ আগমণৰ অপেক্ষা, পানী যুঁৱলিৰ ফৰিঙ, ৰাস্তাত মাছ, পানী জমা ফিল্ডত তিতি তিতি ফুটবলত মাৰা সেই kick টো, মনত পেলাওকচোন বৰষুণ উপভোগ কৰা দিনৰ কথা ৷ জানো উভতি যোৱা সম্ভৱ নহয়, উভতি যোৱা উচিত ও নহয়, কিন্ত মনত পেলাব পাৰি, এনেকুৱা এজাক বৰষুণত অলপ হাঁহিব পাৰি ৷ চৰ্দি লাগিব ভাবি কিয় ভয় খাইছে, দৰৱ খালেই ঠিক হৈ যাব দেখোন ৷ আৰু বৰষুণে বেমাৰ দিলে আপোনাৰ Costly Shower ও কামত নাহিব ৷ এনেও প্ৰায়ভাগ মানুহে showerত অকলে অকলে কান্দে, হাঁহি বৰষুণজাকে হে আনে ৷ বৰষুণ নামিছে আজি, ছাতিটো জপায় খোজ দিয়ক, বিৰিঙায় তোলক অকমাণি হাঁহি আপোনাৰ ওঁঠত, লাহে লাহে খোজ কাঢ়ি নতুনকৈ উপভোগ কৰক চিনাকী চহৰৰ অচিনাকি মাদকতা…