কেতিয়াবা কেনেকৈ যে আকাশৰ নীলাবোৰ পৃথিৱীলৈ নামি আহে ৷ নৈ বা সাগৰ পাৰৰ আবেলিবোৰ ধুনীয়া কৰি তোলা এনেকুৱা এটি পৰিৱেশৰ সাক্ষী হবলৈ সদায়ে মন যায় ৷ শান্ত ভাৱে বৈ থকা পানীৰ ঢৌ, মেঘে ঢাকা আকাশ, বালিচৰত লাহে লাহে নামি অহা আন্ধাৰ আৰু দূৰণিত ক্ৰমান্বয়ে বিলীন হৈ যোৱা হেঙুল বেলিটো ৷ সন্ধিয়াৰ ঠিক আগে আগে দূৰত টুলুঙ ভুটুঙ মাছমৰীয়াৰ নাওবোৰ যেন সৰুতে আমি বৰষুণত খেলা কাগজৰ নাও ৷ ভূপালী সন্ধিয়াৰ ক্ষীণ আন্ধাৰত কিণকিণীয়া বৰষুণৰ টোপালবোৰে যেন ধুই নিয়ে সমস্ত ভাগৰ বহু মাহৰ বহু বছৰৰ ৷ ঘন্টাৰ পিছত ঘন্টা একো নকৰি অলসভাৱে মাথোঁ বহি ৰব পাৰি কেতিয়াবা এনেকৈয়ে কোনোবা আবেলি ৷ মনৰ অজানিতে এনেকুৱা আবেলিয়ে কঢ়িয়াই আনে মনৰ সতেজতা, ওঁঠৰ হাঁহি আৰু নতুন সপোণ ৷ ল’ৰালিৰ আবেলিৰ দৰেই সহজ সৰল নিভাঁজ নৈ বা সাগৰ পাৰৰ অলস আবেলিবোৰ ৷