“গ্ৰন্থমেলা”… নতুন কিতাপৰ সুবাসত আমোলমোল চৌপাশ, সময় পাহৰি নিজক হেৰাই ইখনৰ পিছত সিখন BookStall ঘূৰি ফুৰা দিনবোৰ। শাৰী শাৰী সজাই থোৱা কত শত প্ৰতিভাৰ ৰঙবিৰঙী সৃষ্টি। হাতত তুলি ললেই ছপা আখৰৰ যাদুকৰী মুগ্ধতাই চুই যায় মন। বেটুপাতৰ পৰা সমাপ্তি লৈ লুটিয়াই যাওতে মনত জাগি উঠে এক শিহৰণ। “গ্ৰন্থমেলা” বোৰ সচৰাচৰ গুৱাহাটীত শীতৰ দিনবোৰতে হৈছিল। কেতিয়াবা ৰাতিপুৱাৰ মিঠা ৰ’দজাকৰ সতে, কেতিয়াবা সন্ধিয়াৰ চেঁচা কুঁৱলীৰ সতে ঘূৰি ফুৰিছিলো গ্ৰন্থমেলাত। প্ৰতিবাৰেই বহু কিতাপ কিনি গধুৰ বেগ আৰু পাতল মন লৈ ওলাই আহিছিলো, ওভতনি যাত্ৰাত অপেক্ষা মাথোঁ এটাই, কেতিয়া ৰুম গৈ পাম, কেতিয়া সকলো পাহৰি হাতত তুলি লম ইখনৰ পিছত সিখন কিতাপ। প্ৰথম চিটিবাছত, পিছত বাইকত আৰু পিছত গাড়ীত উভতি গৈছিলো বছৰ বছৰ, কিন্ত প্ৰতিবাৰেই মনত সেই একেই অস্থিৰতা ৰুম গৈ পোৱাৰ, বিচনাত বাগৰি নিহালিখন লৈ বেলেগ পৃথিৱী এখনত ডুব দিয়াৰ ৷ দিন মাহ বছৰ পাৰ হৈ গৈ আছে, কিন্ত কিতাপ পঢ়াৰ সেই আনন্দ সেই আবেগ আজিও একেই আছে, কিতাপ পঢ়ি ভাল পোৱা মানুহে হে বুজি পাই এই অনাবিল আনন্দ, এই অনুভুতি, এই শিহৰণ।
সময়ৰ অভাৱ যদিও এতিয়াও পঢ়িব চেষ্টা কৰো, ভগৱানক অশেষ ধন্যবাদ এই অভ্যাস উপহাৰ দিয়াৰ বাবে।
“A reader lives a thousand lives before he dies, The man who never reads lives only one.”… George R R Martin…..