More About Me
I am Partha Jyoti Baishya, a Banker by Profession and an Author by passion. I hail from a beautiful city in Assam, Bongaigaon, encompassed by hills outside and golden hearted people residing inside. Presently I am working as Branch Manager in State Bank of India. As we get frequently transferred so my present posting is of no relevance here. I am a Commerce Graduate on paper, but a student of Literature in my writings. Born in late 80’s, like most of you I also witnessed the journey from hardcover paperback to digital edition of Books. So my writings carry flavours of the golden era that we have lived through, with somewhat poetic touch yet in a modern mindset and you can find them on the new age digital platforms too. I am here to take you on a journey, which will bring back small yet priceless emotions, some forgotten yet appreciable moments of Joy, some simple yet nostalgic flavours of nature. Your views, reviews, suggestions, comments are always welcome. Hope to see you again and again…
মই পাৰ্থ জ্যোতি বৈশ্য, চৌপাশে সেউজ পাহাৰে আৱৰা অসমৰ অতিকে ধুনীয়া চহৰ বঙাইগাওৰ স্থায়ী বাসিন্দা ৷ যদিওবা বৰ্তমান মই ভাৰতীয় স্টেট বেংকৰ ব্ৰান্স মেনেজাৰ হিচাপে কৰ্মৰত, তথাপিও সহজ আৱেগ, ভাললগা অনুভূতি আৰু ল’ৰালিৰ সৰলতাৰেই লিখিব চেষ্টা কৰো ৷ মই বাণিজ্যৰ স্নাতক কাগজত, কিন্তু সাহিত্যৰ ছাত্ৰ মই এতিয়াও মোৰ লিখনিবোৰত ৷ ডেবিট আৰু ক্ৰেডিটৰ সলনি শব্দ আৰু ছন্দ নিগৰি আহে মোৰ কলমৰ চিয়াঁহীত সেই তাহানিৰ পৰাই ৷ মই 90ৰ দশকৰ ল’ৰালি, আপোনালোকৰ মাজৰ বহুতৰ দৰেই ময়ো যাত্ৰা কৰিছো কিতাপৰ ছপা সংস্কৰণৰ পৰা ডিজিটেল সংস্কৰণলৈ ৷ সেয়ে মোৰ লিখনিত আপোনালোকে বিছাৰি পাব আমি জীয়াই অহা সেই সোণালী দিনৰ কিছু কাব্যিক পৰশ আৰু নষ্টালজিক অনুভূতি আধুনিক মানসিকতাৰ সতে ৷ একেদৰে মোৰ লিখনিও উপলব্ধ ছপা আখৰ আৰু ডিজিটেল প্লেটফৰ্ম, দুয়োটাতে ৷ মই ওভতাই আনিব চেষ্টা কৰিম লাহে লাহে আমাৰ মাজৰ পৰা হেৰাই যোৱা সৰু সৰু কিন্তু অমূল্য কিছু অনুভূতি, পাহৰণিৰ গৰ্ভত বিলুপ্ত হোৱা আনন্দৰ কিছু অতুলনীয় ক্ষণ, দেখাত তেনেই সাধাৰণ কিন্তু কাব্যিক উপমা ভাললগা প্ৰকৃতিৰ ৷ আহক আৰম্ভ কৰো আমি এই যাত্ৰা একেলগে ৷ আপোনালোকৰ পৰামৰ্শ, প্ৰশংসা, সমালোচনা, মতামত ইত্যাদি সকলোখিনিক স্বাগতম ৷ আপোনালোকক বাৰ বাৰ লগ পোৱাৰ আশাৰে ………..