BOUQUETS
অসমীয়া উপন্যাস সাহিত্যত সংযোজিত হ’ল আৰু এক নতুন নাম Status ৰ পৃথিৱী ৷ লেখক শ্ৰীপাৰ্থ জ্যোতি বৈশ্যৰ এই উপন্যাসৰ নামটোতে পোৱা যায় আধুনিকতাৰ নিৰ্যাস ৷ কংক্ৰিট অৰণ্যৰ বাসিন্দা আজিৰ সৰহসংখ্যক মানুহ ৷ যি নিজৰ অগোচৰে ক্ৰমাৎ হেৰুৱাই যাব ধৰিছে নিভাঁজ অকৃত্ৰিম জীৱনৰ সৌন্দৰ্য ৷ সেউজ শস্য ; নীল আকাশকে আদি কৰি অনেকৰে পৰা আঁতৰি আজিৰ মানুহ যন্ত্ৰযুগত অভ্যস্থ হৈ পৰিছে ৷ জীৱন হৈ পৰিছে কেৱল প্ৰতিযোগিতা আৰু অবিৰাম দৌৰৰ মাজেৰে গতিশীল এক পৰিক্ৰমা ৷ আধুনিক জীৱন প্ৰবাহৰ মাজত মানুহৰ নিজলৈকে সময় নোহোৱাৰ দৰে হৈ পৰিছে ৷ যাৰ প্ৰতিফলন আমি মৌলিক সাহিত্যতো দেখিবলৈ পাইছো ৷ তেনে অনেক দৃশ্যমান কাহিনীৰ বিপৰীতে এইবাৰ আমাৰ হাতত আহি পৰিছে এই নতুন উপন্যাসখনি ৷ যি এক নতুন ভংগীমাৰে আমাক ক’ব কংক্ৰিটৰ মহাৰণ্যৰ মাজতো গজি উঠা সেউজীয়াৰ কথা ৷ মানুহৰ মাজৰ প্ৰেম অনুৰাগ ; আন্তৰিকতাৰ কথা ৷ মনুষ্যত্বৰ কথা ৷এনে এখন সুন্দৰ সময়োপযোগী উপন্যাস আমালৈ আগবঢ়াই দিয়াৰ বাবে লেখকক জনালো ধন্যবাদ আৰু আগতীয়াকৈ জনালো অভিনন্দন তেওঁৰ ভৱিষ্যত সৃষ্টিৰাজিৰ বাবে ।
শুভকামনাৰে -----
……….. মণিকুন্তলা ভট্টাচাৰ্য